Helpline No.
94351-43447

Assam Institute of Journalism

অসমীয়াত দূৰসংযোগ মাধ্যমত সাংবাদিকতা প্ৰশিক্ষণৰ অগ্ৰণী…. ১৯৯০ খ্ৰীষ্টাব্দৰ পৰা….

সাংবাদিকতাৰ দূৰসংযোগ পাঠ্যক্ৰম 

 

নিয়মাৱলী

 

সাংবাদিকতাৰ ক্ষেত্ৰলৈ আপুনি আকৰ্ষিত হোৱা বাবে আচাম ইনষ্টিটিউট অৱ জাৰ্ণালিজমৰ তৰফৰ পৰা আমি আপোনাক অভিনন্দন জনাইছোঁ ! Assam Institute of Journalism হল Human Resource Development Society of Indiaৰ দ্বাৰা পৰিচালিত চৰকাৰী পঞ্জীয়নভুক্ত এক সাংবাদিকতা শিক্ষা প্ৰতিষ্ঠান। ১৯৯০ চনৰ পৰা কৰ্মৰত এই প্ৰতিষ্ঠানে যোৱা ২৫ বছৰত সৃষ্টি কৰা মানৱ সম্পদে আজি অসমৰ সাংবাদিকতাৰ জগতখনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।   

 

সাংবাদিকতা আজি সমগ্ৰ পৃথিৱীতে এক মহান তথা অন্যতম শ্ৰেষ্ঠ পেচা বা জীৱিকা হিচাপে স্বীকৃত হৈছে। ই যেনেদৰে এক পেচা, তেনেদৰে এক নিচাও। বহুজনে ইয়াক জীৱিকা হিচাপে গ্ৰহণ কৰাৰ দৰে অসংখ্যজনে সংবাদসেৱাক হবি আৰু সমাজসেৱাৰ মাধ্যম হিচাবে গ্ৰহণ কৰি অনাবিল আনন্দ, সামাজিক প্ৰতিপত্তি তথা সন্মান আহৰণ কৰাৰ লগতে জীৱনটোক অৰ্থবহ আৰু গতিশীল কৰি তুলিছে।

 

শেহতীয়াভাৱে আমাৰ যুৱচাম সাংবাদিকতাৰ প্ৰতি আগ্ৰহী হোৱাটো অতি শুভ লক্ষণ। সম্প্ৰতি দেখা দিয়া যুৱ মানসিকতাৰ স্খলনত ই কিছু পৰিমাণে হলেও বাধা দিব- কিয়নো সাংবাদিকতাৰ সতে জড়িত হোৱা প্ৰতিজন ব্যক্তিয়েই আপোনা আপুনি সামাজিকভাৱে দায়বদ্ধ হৈ পৰে। সেই কাৰণেই সাংবাদিকসকলে সমাজত উচ্চ স্হান পায়। এওঁলোকৰ বাবে সভা–সমিতিত আছুতীয়া আসন সংৰক্ষণ কৰা থাকে। ভাৰতৰ কোনো কোনো ৰাজ্যত বাছ, ৰেল আৰু টেলিফোন সেৱাৰ ক্ষেত্ৰত সাংবাদিকৰ বাবে ৰেহাই নিৰিখৰ ব্যৱস্হা আছে, যিটো অতি শীঘ্ৰে অসমতো প্ৰযোজ্য হব। এওঁলোকে মন্ত্ৰীৰ পৰা বিষয়ালৈকে আটাইকে প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰিব পাৰে। সেয়ে কি পুলিচ, কি মন্ত্ৰী আটায়ে এওঁলোকক সমীহ কৰে।

 

পাছে হওঁ বুলিয়েই জানো সাংবাদিক হব পাৰি ? ইয়াৰ বাবে কিছু অধ্যয়ন  আৰু কিছু কষ্ট কৰাৰ দৰকাৰ হব। এইখিনি মনোবল থাকিলে সাংবাদিকতাৰ দৰে সন্মানীয় তথা দু্ঃসাহসিক কামত নিজকে নিয়োজিত কৰি আপুনি জীৱিকা/উপজীৱিকা অৰ্জন কৰাৰ লগতে দেশ আৰু জাতিৰ প্ৰতি সেৱা আগবঢ়াই মানসিক শান্তি লাভ কৰিব পাৰিব। আৰু লাভ কৰিব পাৰিব সমাজত সন্মান আৰু প্ৰতিপত্তি। এই কামত আপোনাক আচাম ইনষ্টিটিউট অৱ জাৰ্ণালিজম এ বিশেষভাৱে সহায় কৰিব। পৰৱৰ্তী সময়ত এই পাঠ্যক্ৰমে  আপোনাক সাংবাদিকতা আৰু গণসংযোগৰ উচ্চশিক্ষা গ্ৰহণৰ বাবেও প্ৰেৰণা আৰু মনোবল প্ৰদান কৰিব। যিসকল সৃষ্টিশীল সাহিত্য ৰচনাত ব্ৰতী, এই পাঠ্যক্ৰম তেওঁলোকৰ বাবেও সমানেই উপযোগী।

 

শিক্ষাগত অৰ্হতা- আজিকালি সাংবাদিকতাৰ চাকৰিৰ ক্ষেত্ৰত প্ৰাৰ্থীজন স্নাতক হোৱাটো বিচৰা হয় যদিও যিহেতু সাংবাদিকতা এটা practical বিষয়, গতিকে ইয়াত তথাকথিত আনুষ্ঠানিক শিক্ষাগত অৰ্হতাৰ কোনো কথা নাই। মনৰ ভাৱ, ৰাইজৰ সমস্যা বা ঘটি যোৱা ঘটনা এটা ভালদৰে বৰ্ণনা কৰিব পৰা যিকোনো ব্যক্তিয়েই এজন সাংবাদিক হব পাৰে। অৱশ্যে উচ্চশিক্ষা সাংবাদিকজনৰ কৰ্মক্ষেত্ৰত অধিক সহায়ক হয়। সেয়ে আমাৰ ছমহীয়া পাঠ্যক্ৰম অধ্যয়ন কৰিব খোজাজন অন্ততঃ দশম শ্ৰেণীলৈ পঢ়া হব লাগিব আৰু এবছৰীয়া পাঠ্যক্ৰমৰ বাবে হব লাগিব উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। স্কুল-কলেজত ভৰি নিদিয়া ব্যক্তিকো ছমহীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰোৱা হব- যদিহে তেওঁ সাহিত্য চৰ্চাৰ সতে জড়িত হৈ থাকে । এক কথাত কবলৈ গলে  বিশ্ববিদ্যালয়ৰ  উচ্চতম ডিগ্ৰীধাৰীজনৰ পৰা  আৰম্ভ  কৰি  হাইস্কুলীয়া ছাত্ৰজনলৈ আটায়ে কিছু অধ্যয়ন, চৰ্চা আৰু এই ইনষ্টিটিউটৰ প্ৰশিক্ষণ গ্ৰহণ কৰি এজন সফল সাংবাদিক হব পাৰে। এই পাঠ্যক্ৰমে ভৱিষ্যতে সাংবাদিকতাৰ ডিগ্ৰী পৰ্যায়ৰ পাঠ্যক্ৰমত নামভৰ্তিৰ দুৱাৰো মুকলি কৰে।


নিয়োগৰ সুবিধা- আজি কেইবছৰমানৰ পৰা অসমত সাংবাদিকতাৰ ক্ষেত্ৰত এক  বিপ্লৱ আৰম্ভ হৈছে। আন ঠাইৰ কথা নকৱেই, আজি কিছু বছৰ আগতে যিখন গুৱাহাটীৰ পৰা আঙুলিৰ মূৰত লেখিব পৰা কেইখনমান কাকত প্ৰকাশ পাইছিল, সেইখন মহানগৰৰ পৰা আজি কেবাটাও চেটেলাইট টিভি চেনেল, এফ এম ৰেডিঅ ষ্টেচন আৰু প্ৰায় একুৰি দৈনিক, অগণন মাহেকীয়া-পষেকীয়া–সাপ্তাহিক–তিনিদিনীয়া কাকত প্ৰকাশিত হয়। ফলত সংবাদসেৱীৰ ভাগ্য মুকলি হৈছে। মাজে মাজে এইবোৰত পদ খালী হোৱাৰ উপৰিও বিভিন্ন প্ৰতিষ্ঠানে নিজা সংবাদদাতা, অংশকালিন সাংবাদিক নিয়োগ কৰিয়েই আছে। এই প্ৰক্ৰিয়া অহা দিনবোৰতো নিৰন্তৰ চলিয়েই থাকিব—বৰং বাঢ়িবহে। সেইদৰে নতুন টিভি চেনেল, বাতৰি-কাকত প্ৰকাশ কৰাৰ উদ্যম এতিয়াও পূৰ্ণগতিত চলি আছে। ইয়াৰ উপৰি আছে বিভিন্ন চৰকাৰী-বেচৰকাৰী বিভাগ বা কোম্পানীৰ সম্পাদক, অনুবাদক, জনসংযোগ বিষয়াৰ চাকৰি।

কোনো কাকতৰ সংবাদদাতা হিচাপে নিযুক্তি নোলোৱাকৈও নিজৰ অঞ্চলৰ বা-বাতৰি, সমসাময়িক ঘটনা প্ৰৱাহৰ ওপৰত লিখা নিৱন্ধ বা পৰ্যালোচনা, ৰাইজৰ চিঠি আদি যিকোনো কাকতলৈ প্ৰকাশৰ বাবে পঠিয়াব পাৰি। তেনে লেখা প্ৰকাশ পাবলৈ হলে কেতবোৰ নিৰ্দিষ্ট নিয়ম-নীতি মানি চলিব লাগে। আমাৰ পাঠ্যক্ৰমৰ যোগেৰে তাৰো প্ৰশিক্ষণ দিয়া হয়।


প্ৰশিক্ষণ পদ্ধতি- অসমৰ কেবাগৰাকীও বিশিষ্ট জ্যেষ্ঠ সাংবাদিকৰ সহযোগত আমাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে। ইয়াত সন্নিৱিষ্ট কৰা হৈছে সাংবাদিকতাৰ ক্ষেত্ৰত বিজ্ঞান-প্ৰযুক্তিয়ে আনি দিয়া শেহতীয়া পৰিবৰ্তনবোৰৰ বিষয়ে। কথাবিলাক কেৱল পুথিগত নহৈ যাতে ব্যৱহাৰিক হয়, তাৰ বাবে পাঠ্যক্ৰমটি আৰু দুগৰাকী অভিজ্ঞ সাংবাদিক আৰু বিশ্ববিদ্যালয় এখনৰ সাংবাদিকতা বিভাগৰ জ্যেষ্ঠ অধ্যাপক এগৰাকীৰ দ্বাৰা পুনৰীক্ষণ তথা সম্পাদনা কৰোৱা হৈছে। 

আপোনালৈ প্ৰতিমাহে পাঠ পঠিয়াই থকা হব। পাঠৰ কোনো অংশ নুবুজিলে আপোনাৰ নাম ঠিকনা লিখা আৰু উপযুক্ত ডাক টিকট লগোৱা লেফাফা সহ আমালৈ লিখিব। যিসকলৰ কম্পিউটাৰ-ইণ্টাৰনেট-ইমেইল বা স্মাৰ্টফোন-Whatsappৰ সুবিধা আছে, তেওঁলোকে ডাকৰ সলনি এই মাধ্যমবোৰ ব্যৱহাৰ কৰি  আমাৰ সতে যোগাযোগ ৰক্ষা কৰিব পাৰিব। এনেদৰে আপুনি চাৰ্টিফিকেট কোৰ্চৰ ক্ষেত্ৰত ছমাহ অধ্যয়ন কৰিব লাগিব। প্ৰতিটো পাঠৰ সতে থাকিব Assignment.। ছমাহৰ পাছত ডাকযোগে পৰীক্ষা লৈ গ্ৰেড উল্লেখ কৰি চাৰ্টিফিকেট দিয়া হব। ডিপ্লোমা কোৰ্চৰ ক্ষেত্ৰত পাঠৰ সংখ্যা আৰু সময় দুগুণ হব। গ্ৰেডৰ বিভাগসমূহ এনে ধৰণৰ-  A=80% ৰ ওপৰত, B=60%ৰ ওপৰত, C=40%ৰ ওপৰত আৰু  D=40%ৰ তলত। ছাত্ৰ ছাত্ৰীসকলে গ্ৰেড উন্নীত কৰিব বিচাৰিলে পুনৰ পৰীক্ষাও দিব পাৰিব।


ব্যৱহাৰিক প্ৰশিক্ষণ- আপুনি বিচাৰিলে আপোনাক হাতে কামে শিক্ষা দিয়াৰ উদ্দেশ্যে আমাৰ ইনষ্টিটিউটৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকতত ৰিপোৰ্ট লিখিবলৈ দিয়া হব বা আমাৰ কাৰ্যালয়লৈ আহি তাৰ সম্পাদনা বিভাগত ১৫ দিন কাম কৰাৰ সুযোগ লাভ কৰিব। আপুনি যোগ্য হৈ উঠিলে দৈনিক কাকততো শিক্ষানবিচ হিচাপে কাম কৰিবলৈ দিয়া হব পাৰে। অৱশ্যে তাৰ বাবে থকা খোৱাকে ধৰি যাৱতীয় খৰচ নিজে বহন কৰিব লাগিব। এই ব্যৱস্হাটো অৱশ্যে বাধ্যতামূলক নহয়। ইচ্ছুকজনলৈ ই এটা অতিৰিক্ত সুবিধাহে-যিটো আন কোনো ইনষ্টিটিউটে আপোনাক দিব নোৱাৰে। যিহেতু এইটো এটা কৰেচপণ্ডেঞ্চ কোৰ্চহে, সেয়ে আপুনি দৈনন্দিন কাম কৰি উঠিও নিজ সুবিধামতে ঘৰতে বহি যাতে শিক্ষা গ্ৰহণ সম্পূৰ্ণ কৰিব পাৰে, সেই কথালৈ লক্ষ্য ৰাখি আমাৰ পাঠসমূহ সহজ-সৰল ভাষাত যুগুতোৱা হৈছে। পাঠ্যক্ৰম অধ্যয়নৰ বাবে চৰকাৰী চাকৰিয়াল, সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্যক্তি আদিয়ে কৰ্তৃপক্ষৰ অনুমতি লোৱাৰ প্ৰয়োজন নাই। বছৰৰ যিকোনো মাহতে নামভৰ্তিৰ সুবিধা আছে।


প্ৰশিক্ষণ কাল – চাৰ্টিফিকেট কোৰ্চৰ ক্ষেত্ৰত ছমাহ আৰু ডিপ্লোমা কোৰ্চৰ ক্ষেত্ৰত বাৰ মাহ। প্ৰাৰ্থীৰ অসুবিধা থাকিলে আৰু দুমাহ বঢ়াই লব পাৰিব। তাৰ পিছত পৰীক্ষাৰ বাবে সৰ্বাধিক আৰু ৬ মাহ সময় বঢ়াই দিয়া হব পাৰে। অন্যথায় তেওঁ পুনৰ নামভৰ্তি কৰিব লাগিব। আগ্ৰহীজনে বিশেষ স্বৰ্তসাপেক্ষে তিনি মাহতো পাঠ্যক্ৰম সম্পূৰ্ণ কৰি পৰীক্ষা দিব পাৰিব। নিজকে সাংবাদিক হিচাবে গঢ়ি তুলিবলৈ আপুনি ইমান দিনে মনতে পুহি ৰখা আশাটোক বাস্তৱত ৰূপায়ণ কৰাৰ এয়াই সোণালী সময়। আপুনি এই মুহূৰ্তত গ্ৰহণ কৰা এটা সময়োপযোগী সিদ্ধান্তই আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে খ্যাতি, সামাজিক প্ৰতিষ্ঠা আৰু অনিৰ্বাচনীয় আনন্দ। এতিয়া সিদ্ধান্ত আপোনাৰ হাতত।


পাঠ্যক্ৰম- 

প্ৰথম ছমাহত (চাৰ্টিফিকেট কোৰ্চৰ বাবে) সাংবাদিকতাৰ (প্ৰিণ্ট মিডিয়া)ৰ আদ্যোপান্ত সামৰা হৈছে।

দ্বিতীয় ছমাহত (ডিপ্লোমা কোৰ্চৰ বাবে) টিভি আৰু ৰেডিঅ সাংবাদিকতা।

 

মাছুল-- এই প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে আপুনি তলত দিয়াধৰণে মাছুল আদায় দিব লাগিব, যিটো ভাৰতবৰ্ষৰ আন যিকোনো প্ৰতিষ্ঠানৰ তুলনাত যথেষ্ট কম।

 

সাংবাদিকতাৰ ছমহীয়া চাৰ্টিফিকেট পাঠ্যক্ৰমঃ পঞ্জীয়ণ মাছুল, প্ৰশিক্ষণ মাছুল, পৰীক্ষা আৰু চাৰ্টিফিকেট মাছুল সৰ্বমুঠ ২৮০০ টকা । আপুনি এই মাছুল দুটা কিস্তিত (১৫০০+১৩০০)আদায় দিব পাৰে। সম্পূৰ্ণ মাছুল একেলগে আদায় দিয়াজনে পাঠ্যসামগ্ৰীৰ লগতে বিনামুলীয়াকৈ এখন প্ৰশিক্ষাৰ্থীৰ প্ৰেছকাৰ্ড প্ৰথম দিনাই লাভ কৰিব।


সাংবাদিকতাৰ এবছৰীয়া ডিপ্লোমা পাঠ্যক্ৰমঃ পঞ্জীয়ণ মাছুল, প্ৰশিক্ষণ মাছুল, পৰীক্ষা আৰু চাৰ্টিফিকেট মাছুল সৰ্বমুঠ ৪৮০০ টকা । আপুনি এই মাছুল দুটা কিস্তিত (২৫০০+২৩০০)আদায় দিব পাৰে। সম্পূৰ্ণ মাছুল একেলগে আদায় দিয়াজনে পাঠ্যসামগ্ৰীৰ লগতে বিনামুলীয়াকৈ এখন প্ৰশিক্ষাৰ্থীৰ প্ৰেছকাৰ্ড প্ৰথম দিনাই লাভ কৰিব।

 

নামভৰ্তি কৰিবলৈ আপুনি-- 

(1) সংলগ্ন প্ৰ-পত্ৰখন (Admission Form) Download কৰি পূৰণ কৰিব লাগিব। 

(2)  তাৰ পাছত সেইখন আমালৈ ই-মেইল কৰিব বা ডাকযোগে পঠাব। 

(3) সম্পূৰ্ণ মাছুল বা পঞ্জীয়ণ আৰু প্ৰথম মাহৰ মাছুল বেংকত জমা দিব বা MO (EMO/IMO) যোগে প্ৰেৰণ কৰিব।

(4) আমালৈ হেল্পলাইন নম্বৰ 94351-43447 ত ফোন কৰিব বা হোৱাটচএপ যোগে মেচেজ পঠাব। 

তাৰ পাছৰ কৰণীয়খিনি আমাৰ।


আজিকালি প্ৰতিখন বাতৰি কাকতে লেখক-সাংবাদিকলৈ তেওঁলোকৰ লেখাৰ বাবে মাননী আগবঢ়ায়। আমোদজনক কথাটো হল—আপুনি আমাৰ পাঠ্যক্ৰম মনোযোগেৰে গ্ৰহণ কৰি নিজকে উপযুক্ত কৰি তুলিলে এই পাঠ্যক্ৰমৰ বাবে ব্যয় কৰা মাছুলৰ সম পৰিমাণৰ ধন উপাৰ্জন কৰিবলৈ আপোনাক এমাহ সময়ো নালাগিব।

 

Our Bank Account Details:

Human Resource Development Society of India

State Bank of India (A/c No.11865020908)

Branch Code: 11615

 

Email: [email protected]

Mob / Whatsapp: 9435143447